kabita assamese poem assamese poems // কবিতা প্ৰতিনিশা আই সাৰে থাকে

kobita assamese, assamese poem for love, assamese poem, poem assamese, assamese poems, assamese poets, poems, poetic, assamese poems, অসমীয়া কবিতা,
kabita assamese poem assamese poems // কবিতা প্ৰতিনিশা আই সাৰে থাকে


প্ৰতিনিশা আই সাৰে থাকে


প্ৰতিনিশা আই সাৰে থাকে 
পিতাইলৈ বুলি বাট চাই,
অ.....
শুনিছা মাতষাৰ শুনিলে 
আই ঢপলিয়াই যায়
যতনাই থোৱা থালখন আগবঢ়াই কয় 
খং নকৰিব আজি আলু পিতিকা বনাইছো
ডাঙৰ পোনাই যে খুব ভাল পায়,
পাচলি নোহোৱা কথাটো এনেদৰে আই মনতে থুপিয়াই থয়,
কেতিয়াবা আমাক পেটপুৰাব এমুঠি অন্ন দিব নোৱাৰাৰ বেদনাত
আকৌ কেতিয়াবা ভোকৰ তাৰনাত কোচমোচ খাই অশ্ৰু নিগৰাই
জাৰৰ বেলিকা দুবাহুত লৈ জহৰ বেলিকা বিছনীখন হাতত লৈ আধাখোলা চকুহালৰে টুপনিয়াই আই,
এনেদৰে ডাঙৰ হ'লো আইৰ পৰশত,
আইৰ উশাহত, আইৰ সান্নিধ্যত,
ডাঙৰ হ'লোহি যদিও আইৰ মনত যে আমিবোৰ তেনেই সৰু,
ৰাতি পৰলৈকে ঘৰ নোসোমালে,
আকাশখন চানি ধৰিলে তিনি আলি মূৰত ৰৈ থাকে আইয়ে ...
এনেদৰে প্ৰতিনিশা সাৰে থাকে আই ।।                 
(সুখ দুখৰ,হাঁহি কান্দোনৰ মাতষাৰ আই ....
সফলতাৰ আৰত আই ...
এটি মিঠা শব্দ আই
ভগৱানৰ স্বৰূপ আই)....❤❤॥


Writing By Tulika Das
Blue Sky Entertainment

Post a Comment

0 Comments