Assamese romantic poem assamese kabita |
নিসংগতা
আজি আৰু সেই দুপৰনিশা
মোৰ বাবে প্ৰিয় নহয়
নিসংগতাই মোক আৱৰি ধৰে
তুমি কাষত নোহোৱৰ বাৱেই,
ভয় হৃদয়ৰ তাড়নাত
চট ফটাই থাকো উৰে নিশা
ঘনাই স্মৃতিক আউৰি
চকুলোৰে সেমেকি উঠে
সিতানৰ গাৰুতি,
নিতাল নিমাতেৰে শুনো
কেৱল বুকুৰ ধপ ধপনি
কবতো নোৱাৰো তোমাৰ কথা
কাৰোৰে ওচৰত হিয়াখুলি,
আপোন বুলিয়েই লৈছিলো সাবতি
ভবা নাছিলো এনেদৰে
তুমি বিশ্বাসঘাতক কৰিবা বুলি ৷।
Writing By Tulika Das
Blue Sky Entertainment
0 Comments