Assamese Poem অসমীয়া কবিতা মা | Assamese Kabita Maa | Assamese Kabita


অসমীয়া কবিতা মা, অসমীয়া কবিতা ঘৰ, অসমীয়া কবিতা আবৃত্তি, অসমীয়া কবিতা নতুন, Assamese Kabita, Assamese Poem, Assamese Poetry,  sad assamese kobita,
Assamese Poem অসমীয়া কবিতা মা

 ....মা....

তোমাৰ সান্নিধ্যই জীপাল কৰা

সময়বোৰ ওভতাই পোৱা হলে

তোমাৰ হাতত ধৰি তোমাৰ খোজত 

খোজ‌ মিলাই আকৌ এবাৰ

গলোহেঁতেন ত্ৰিপুৰেশ্বৰী মন্দিৰ

অথবা কচবা কালীমন্দিৰলৈ

নাইবা ভাপ নাৱত উঠি নীৰমহললৈ,

যোৱাবাৰ চাবলৈ ৰৈ যোৱা

উজয়ন্তা 

পেলেচটো ইমুৰৰ পৰা সিমুৰলৈ ঘুৰি 

ঘুৰি চালোহেতেনঁ আৰু

আগৰতলাৰ বিমানবন্দৰত ৰৈ ঠিকচে 

ফটো উঠিলোহেঁতেন

কিম্বা

পানবজাৰ,ফাঁচী বজাৰত মূৰৰ

ওপৰত ৰʼদজাক লৈ 

বজাৰ কৰিলোহেঁতেন

তোমাৰ হাতৰ মুঠিত ৰুমালৰ ভাজত 

সাঁচিৰখা তামোলখন খুজি তোমাক 

আকৌ এবাৰ জোকালোহেঁতেন

মা ,, 

আজি পুৱতিৰ আকাশখনে হেঁপাহ 

পলুৱাই কান্দিছে

তোমাৰ বেজাৰত

আৰু মই

চকুপানীবোৰ সামৰি-সুতৰি থৈ দিলোঁ

তোমাৰ দেহৰ তামোল-তামোল

সুবাসৰ মাজত

মা আজি হেনো শুক্লা একাদশী তিথি, 

বৃহস্পতিবাৰ

খুব ভাল সময়

জ্ঞানীজনে কয় 

মা ,, সেইবাবেই সুধিছো তোমাক

মাইনা বুলি মাতিবলৈ তুমি আকৌ 

কেতিয়া ‌আহিবা মা ।।


Writing By Dr Juri Sarma

Blue Sky

 

Post a Comment

0 Comments