Assamese Kobita – Asomiya Poem /কবিতা - মই এতিয়া বৃদ্ধাশ্ৰমৰ আলহী |
মই এতিয়া বৃদ্ধাশ্ৰমৰ আলহী
মোক বুকুত একুৰা জুই সিদিনাখনেই জ্বলিছিল
যিদিনাখন মোৰ স্বামীৰ মৃত্যু হৈছিল,
আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল মোৰ জীৱন পৰিক্ৰমা,
হৈ পৰিছিলো ঘৰখনৰ বাবে এলাগী,
অ ঠিকেই শুনিছে এলাগী......
মোৰ সন্তানে পাহৰি গ'ল সকলো, অন্তসত্বা হোৱাৰ পৰাই মোৰ কষ্টৰ কথা,
মাতৃ হোৱাৰ আনন্দত ভোককণো পূৰাব পৰা নাছিলো ভালদৰে, প্ৰিয় খাদ্যবোৰকে ত্যাগ কৰিছিলো মাতৃ হোৱাৰ হেঁপাহত,
দুভাগ ৰাতি প্ৰসৱ বেদনাত চটফটাই মৃত্যু সন্মুখত দেখিও ভয় নকৰি কোষৰ পৰা ওলাই ধৰিত্ৰীৰ পোহৰেৰে আলোকিত কৰিছিলো, কটাইছিলো কিমান উজাগৰী নিশা,
শীতৰ দিনত বুকুৰ উমেৰে গৰম কৰি ৰাখিছিলো তাৰ
দেহ, হাতত হাত ধৰিয়েই শিকালো মাটি গছকা মুখত মুখ থৈ ভাষা,
আজিও মনত আছে
ডাঙৰ কলেজত পঢ়িব বেলিকা পিতায়ে দিয়া কেৰুপাতকে বেছি দি পঠাইছিলো টকা
বোপাইক শিক্ষিত মানুহ হ'বলৈ, গাঁথিৰ ধন ভাঙি উলহ-মালহকৈ ন-বোৱাৰীক আনিছিলো আদৰি, ভাৱিছিলো মৃত্যুৰ আগলৈকে নাতি -নাতিনীৰে উমলি কটাম জীৱনটি, মোৰ মনত পুহি ৰখা আশাবোৰ মুহাৰি পেলালে সি অ...
মোৰ যে বৰকৈ মন যায় নাতিনীজনীক হাত বুলাই মৰম কৰিব, নিচুকীয়াই শুৱাই দিবলৈ, জানেনে মোক যে চুব নিদিয়ে অকণো, পৰি থাকো হুমুনিয়া এটি লৈ অকলশৰীয়াকৈ কদৰ্য্যময় কোঠালিত, মই হেনো এতিয়া হ'লো লেতেৰী, মোৰ বাবে নষ্ট হয় পৰিবেশ মই হেনো অজ্ঞানী,
সমাজত মোক পৰিচয় দিব টান মই যে তাৰ আই,
হেৰাই গ'ল ক'ৰবাত মানবীয়তা তাৰ,
মোক এদিনখন সি ঘৰৰ পৰা লৈ আহিলে আতৰত ফুৰাবলৈ বুলি আৰু যোৱাৰ সময়ত থৈ গ'ল বৃদ্ধাশ্ৰমৰ আলহী কৰি ॥
Writing By Tulika Das
Blue Sky Entertainment
0 Comments