Assamese kabita assamese poem assamese poetry::মাইলৈ মনত পৰে

Assamese Kabita, assamese poem, Assamese poetry, অসমীয়া কবিতা ৰোমান্টিক, মাইলৈ মনত পৰে, Assamese কবিতা, অসমীয়া কবিতা জীৱনৰ, অসমীয়া ভাল কবিতা,
Assamese kabita assamese poem assamese poetry::মাইলৈ মনত পৰে 


মাইলৈ মনত পৰে

আজি চাগে পাৰ হ'ব 
আকৌ এটা টোপনি নহা ভাদমহীয়া 
ৰাতি
কাইলৈচোন গুৰুজনাৰ তিথি
আৰু আজি  নামঘৰৰ মাটি দাইলেৰে 
থাপনি বনোৱা ৰীতি  যাৰ সৈতে মোৰ 
আজন্ম চিনাকি
আঃকি অপূৰ্ব সোৱাদ !
এয়াই মোৰ বাবে তোৰ হাতেৰে বনোৱা 
অমৃত ,,
এ মাই
আজি তইবিহীন থাপনি খাই মোৰ বুকু 
বিষাই
কলিজাটো কিবা অবুজ বেদনাৰ 
চেপাত চটফটাই
সাইলাখ বৰশীত লাগি ধৰা কাৱৈ 
মাছটোৰ দৰে,,
সেৰেকা সেৰেকা লগা 
মই বনোৱা থাপনিৰে সৈতে
ভাত এসাঁজ
আলিৰ দাঁতিতে দি থৈ আহিছো তোলৈ 
বুলি
ভাল পালি নে বেয়া পালি
নাজানিলো
মাথোঁ বুজিলো 
কাবৌ কৰি বিচাৰি লেও
আমৃত্যু নাপাম তোৰ হাতৰ অমৃতসদৃশ 
সোৱাদেৰে ভৰা 
ভাদমহীয়া অথবা আহিনমহীয়া 
নিয়ৰসনা 
এটা ৰাতি ।।


Writing By Dr Juri Sarma
Blue Sky Entertainment 

Post a Comment

0 Comments