kobita assamese poems assamese poem//অসমীয়া কবিতা বোৱাৰী |
বোৱাৰী
তেওঁৰ নামৰ সেন্দুৰকণ
শিৰত আঁকি দিয়া মুহূৰ্ত্তৰ পৰাই
জীয়ৰী মনটি সজ্জিত কৰিলো
বোৱাৰী ৰূপে,
নিজকে প্ৰতিজ্ঞা ল'লো
নতুন ঘৰখনৰ সুখ ,দুখ
সকলোতে হম সমভাগি
বিয়াৰ পিছদিনাখনৰ
পৰাই আৰম্ভ হয়
জীৱনৰ এক নতুন অধ্যায়,
ইজনে আনজনৰ
দুখত দুখী ,সুখত সুখী
নানা আশা ,নানা প্ৰত্যাশা
চাৰিটা আখৰত সীমাবদ্ধ "পৰিয়াল "শব্দটিক
গোটাই ৰখাৰ অহৰহ চেষ্টা ,
চৰাই মাতত পাঁও সাৰ
তীক্ষ্ণ চকুযুৰি
যতিয়া চুলি তাৰি
মূৰত লৈ ফুৰো দিনৰ দিনটি ,
দুখ ভাগৰ পাহৰি
কেতিয়াবা হেৰাই যায়
নিজৰ অস্তিত্ব খিনি
তথাপিও এনাজৰীৰে মেৰিয়াই ৰাখিব খোজো,
আদৰ ,যত্ন পৰ , নিয়ম নীতিৰ মাজেৰে
মোৰ সোণৰ ঘৰখনিক ,
মই যে এগৰাকী
প্ৰতিজ্ঞাবন্দী বোৱাৰী ॥
Writing By Tulika Das
Blue Sky Entertainment
0 Comments