Assamese kabita lyrics |
শ্ৰদ্ধাৰ নন্দ দা লৈ একাঁজলি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি
নীৰৱতা প্ৰিয়
শান্ত, সৌম্য
ধীৰ - স্থিৰ, মিতভাষী
এগৰাকী অক্লান্ত যোদ্ধা তুমি
নাই কোনো আক্ষেপ
পোৱা নোপোৱাৰ
নাই কোনো ভ্ৰূক্ষেপ
আনৰ সমালোচনাৰ
তোমাৰ জীৱনৰ আদৰ্শৰে
শিকালা তুমি তোমাৰ অগ্ৰজ - অনুজক
এটাই মাথোঁ জীৱনৰ স্বপ্ন
এটাই মাথোঁ পণ
দেশৰ বাবে দহৰ বাবে
কৰি যোৱা
প্ৰতিদানবিহীন কৰ্ম
এয়াই যোগী - সন্ন্যাসীৰূপী
এজন প্ৰচাৰকৰ কৰ্তব্য
হঠাতে আজি কিয় এনে হ'ল
অশ্ৰুভৰা নয়নবোৰে ৰ' লাগি চাই ৰ'ল
সান্ধ্য পক্ষীৰ কণ্ঠও ৰুদ্ধ হৈ গ'ল
চেঁচা বতাহজাকে শিহৰণ তুলি কাণে
কাণে কৈ থৈ গ'ল
এটা যুগৰ অবসান হ'ল
কেশৱ ধামৰ বাকৰি উদং কৰি আজি
গেৰুৱা ধুতি পিন্ধা আজন্ম প্ৰচাৰক
নন্দ দা হেনো
উভতি নহাৰ বাটটিৰে গুচি গ'ল ।।।
Writing By Dr Juri Sarma
Blue Sky Entertainment
0 Comments